দেশত বৃদ্ধি পাব ল’ক ডাউন !

ডিজিটেল ডেস্ক, বিতৰ্ক, ১১ এপ্ৰিল, শিৱসাগৰ :: দেশজুৰি মহামাৰী ক’ৰনা ভাইৰাছৰ আতংকৰ বাবে ২১ দিনীয়া লকডাউনৰ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে। অহা ১৪ এপ্ৰিলত অন্ত পৰিব এই লকডাউনৰ। কিন্তু ১৪ এপ্ৰিলৰ পিছত দুটা সপ্তাহ অৰ্থাত্‍ ৩০ এপ্ৰিললৈকে সমগ্ৰ দেশতে বাহাল থাকিব পাৰে লকডাউন। ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মাজত হোৱা বৈঠক শেষ হোৱাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে। শীঘ্ৰে প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে।

ইতিমধ্যে এই সন্দৰ্ভত স্পষ্ট সংকেত দিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। টুইটাৰযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে যে, ‘প্ৰধানমন্ত্ৰীয়ে লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ভাৰতবৰ্ষৰ অৱস্থা বৰ্তমান বহু উন্নয়নশীল দেশতকৈ সুস্থিৰ কাৰণ আমি সোনকালেই লকডাউন ঘোষণা কৰিলো।’ ইফালে শেহতীয়া তথ্য মতে, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন নকৰে। এক সংবাদ গোষ্ঠীৰ টুইটাৰ যোগে এই কথা জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *