ক’ৰনা নিৰ্মূলৰ নতুন ঔষধঃ সুস্থ হৈ উঠিল নাইজেৰিয়াৰ গৱৰ্ণৰ মাকান্দি

গুৱাহাটীৰ পৰা ফাৰবিন চুলতানাৰ ৰিপৰ্ট, বিতৰ্ক, ১১ এপ্ৰিল :: সমগ্ৰ বিশ্বৰ গৱেষক তথা চিকিৎসকসকলে মৃত্যুদূত সদৃশ মহামাৰী ক’ৰনাৰ গ্ৰাসৰ পৰা মানৱজাতিক ৰক্ষা কৰাৰ অৰ্থে আহোপুৰুষাৰ্থ চেষ্টা চলাই থকাৰ সময়তে এক প্ৰাকৃতিক ঔষধ সেৱন কৰি নাইজেৰিয়াৰ অয়’ প্ৰদেশৰ গৱৰ্ণৰ চেই মাকান্দি সম্পূৰ্ণৰূপে ক’ৰনা ভাইৰাছ মুক্ত হোৱাৰ বাতৰিয়ে বিশ্বৰ আগশাৰীৰ গৱেষক-চিকিৎসক সকলক নতুন গৱেষণাৰ পথ প্ৰদৰ্শন কৰিছে। এক সংবাদ প্ৰতিষ্ঠানৰ তথ্যৰ আলমলৈ কোৱা বাহুল্য যে, বিশ্বত্ৰাস সৃষ্টিকাৰী এই ক’ৰনা মহামাৰী তথা অন্যান্য ভাইৰাছৰ পৰা হাত হাৰিবলৈ প্ৰাচীন বেদ, বাইবেল তথা ১৪০০ বছৰৰ পূৰ্বৰ হজৰত মহম্মদৰ বাণীসমূহত স্পষ্টৰূপে উল্লেখ আছে।

উল্লেখ্য যে, আজি কিছুদিনৰ পূৰ্বে নাইজেৰিয়াৰ অয়’ প্ৰদেশৰ গৱৰ্ণৰ চেই মাকান্দি কভিদ ১৯ ত আক্ৰান্ত হৈ কোৱাৰেন্টাইনত আছিল। গৱৰ্ণৰ মাকান্দিৰ সেই সময়ত চিকিৎসাৰ দায়িত্ব আছিল অয়’ৰ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া মেইদেন অ’লাটঞ্জি। গৱৰ্ণৰ মাকান্দিৰ এই আইচলেচনত ৰখাৰ এসপ্তাহৰ ভিতৰত ক’ৰনা গ্ৰাসৰ পৰা মুক্ত হোৱাৰ কোনো লক্ষণ পৰিস্ফুত হৈ নুঠাত চিকিৎসা বিষয়া অ’লাটঞ্জিয়ে হজৰত মহম্মদে ১৪০০ বছৰ পূৰ্বে প্ৰদান কৰি যোৱা বিধান অনুযায়ী ক’লাজিৰা আৰু মৌ’ৰ এক সংমিশ্ৰণ তৈয়াৰ কৰি পুৱা আৰু গধুলি সেৱন কৰাৰ পৰামৰ্শ দিছিল। চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ক’লাজিৰা আৰু মৌ’ৰ সংমিশ্ৰিত উপাদান সেৱন কৰি ক্ৰমে সুস্থ হৈ উঠিল গৱৰ্ণৰ মাকান্দি। পৰৱৰ্তী সময়ত কভিদ ১৯ পৰীক্ষাৰ ৰিপৰ্টত নিগেটিভ অহাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ নাইজেৰিয়াবাসী।

ক’লাজিৰা সন্দৰ্ভত চিকিৎসকৰ বক্তব্য-

উল্লেখযোগ্য যে মৃত্যুৰ বাদে যিকোনো ৰোগৰ পৰা ৰক্ষা কৰিবৰ বাবে মানৱ শৰীৰত প্ৰতিষেধক ব্যৱস্থা শক্তিশালী কৰে এই ক’লাজিৰা আৰু মৌৰ সংমিশ্ৰণে। এই কথা পোৱা যায় হজৰত মহম্মদৰ উপদেশ সমূহত। মুছলিম শ্বৰীফ, ৫৬৫৯ পৃষ্ঠাত ই স্পষ্টভাৱে উল্লেখ আছে। এই ক’লাজিৰা আৰু মৌ বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰত আয়ুৰ্বেদিক, য়ুনানী আৰু কবিৰাজী চিকিৎসা পদ্ধতিতো ব্যৱহাৰ হৈ আহিছে।

গৱৰ্ণৰ মাকান্দিৰ সন্দৰ্ভত বাতৰি-

জানিবপৰা মতে, ক’লাজিৰাত প্ৰটিন, ভিটামিন-বি ১, বি ২, বি ৩, ফলিক এছিড, কেলছিয়াম, আয়ৰণ, কপাৰ, জিংক ফচফৰাইট ইত্যাদি যথেষ্ট ঔষধি গুণ অন্তৰ্নিহিত হৈ আছে। ইয়াৰোপৰি ক’লাজিৰাত আছে মানৱশৰীৰৰ immunity শক্তি বৃদ্ধি কৰিবৰ বাবে অসাধাৰণ ক্ষমতা।

ইপিনে মৃত্যুদূত ক’ৰনাৰ পৰা হাত হাৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ক্লৰ’কুইন আৰু হাইড্ৰ’স্কি ক্লৰ’কুইন বিছাৰি ভাৰতৰ প্ৰধানমন্ত্ৰীক হেচাঁ প্ৰয়োগ কৰিছিল। এই ক্লৰ’কুইন প্ৰস্তুতৰ ক্ষেত্ৰতো ঔষধ প্ৰস্তুতকৰ্তা কোম্পানীসমূহে ব্যাপক ভাৱে ক’লাজিৰা ব্যৱহাৰ কৰে বুলি এক চিকিৎসা সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *