অসম আৰোগ্য নিধিলৈ বিভিন্নজনৰ প্ৰায় ৯০ কোটিৰ অনুদান

ডিজিটেল ডেস্ক, বিতৰ্ক, ১১ এপ্ৰিল, শিৱসাগৰ :: বিশ্বজুৰি এতিয়া মহামাৰী ক’ৰনা ভাইৰাছে সন্ত্ৰাস চলাই আছে। বৰ্তমানলৈ এই মহামাৰীত ১৭ লক্ষ্যাধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১ লাখৰো অধিক লোক এই মহামাৰীৰ ফলত মৃত্যুমুখত পৰিছে। ব্যতিক্ৰম নহষ ভাৰততো। এতিয়ালৈ ভাৰতত প্ৰায় ৮ হাজাৰ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ২৪৯ জন লোকৰ মৃত্যু হৈছে।

ইফালে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে সাধাৰণ ৰাইজলৈ এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ অসম আৰোগ্য নিধিলৈ অনুদান আগবঢ়াই সহায়ৰ বাবে আহ্বান জনাইছিল। স্বাস্থ্যবিভাগৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য খনৰ বিভিন্ন শ্ৰেণীৰ নাগৰিকে অসম আৰোগ্য নিধিলৈ ব্যাপক হাৰত অনুদান আগবঢ়োৱা পৰিলক্ষিত হৈছে। স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি এইপৰ্যন্ত অসম আৰোগ্য নিধিত সৰ্বমুঠ ৮৯.২৪ কোটি টকা জমা হৈছে। ৰাজ্যখনৰ ৪০২১১ গৰাকী ব্যক্তি তথা প্ৰতিষ্ঠানে এই ধনৰাশি আগবঢ়াইছে। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে নিজৰ টুইটাৰত সকলোকে ধন্যবাদ জনোৱাৰ ওপৰি ক’ৰনা বিৰুদ্ধে এই যুদ্ধত আমি জয়ী হম বুলি উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *