ৰূদ্ৰসাগৰত শিশু সকলৰ মাজত খাদ্য সামগ্ৰীৰ বিতৰণঃ ৰাজহংস ক্লাবেও বিলালে ১৩০ টা পৰিয়ালক খাদ্য সামগ্ৰী

ডিজিটেল ডেস্ক, বিতৰ্ক, ৯ এপ্ৰিল,শিৱসাগৰ ::শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষা খণ্ডৰ অন্তৰ্গত ঐতিহাসিক পুৰণি পূখুৰী পাৰস্থিত ৰূপহী বিল বনগাঁও প্ৰাথমিক বিদ্যালয়ত আজি বিদ্যালয়ৰ শিক্ষকসকল আৰু পৰিচালনা সমিতিৰ সহযোগত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ মাজত আজি খাদ্য সামগ্ৰীৰ বিতৰণৰ কৰে। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি মুকুণ্ড মাধৱ শৰ্মা, প্ৰধান শিক্ষয়িত্ৰী দিপিকা দাস, শিক্ষক আমনউদ্দিন আহমেদৰ উপস্থিতিত বিদ্যালয়ৰ খনৰ ছাত্ৰ ছাত্ৰীৰ সকল আৰু অভিভাৱকৰ মাজত অত্যাবশকীয় সামগ্ৰীৰ চাউল,দাইল,আলু্, পিয়াজ, মিঠাতেল, বিস্কুট,ডেটল আদি বিতৰণ কৰাৰ লগতে সকলোকে ঘৰতে সজাগ, সচেতনতাৰে পৰিষ্কাৰ হৈ থাকিবলৈ আহ্বান জনায়।

ইফালে শিৱসাগৰৰ অগ্ৰনী স্বেচ্ছাসেৱী অনুষ্ঠান ৰাজহংস ক্লাবে নগৰৰ সমীপৰ ১ নং আৰু ২ নং বলীয়াঘাতৰ প্ৰায় ১৩০ টা পৰিয়ালক অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰাৰ ওপৰিও ক্লাবে অসম আৰোগ্য নিধিলৈও বৰঙণি আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *