শিৱসাগৰ আছুৰ প্ৰশংসনীয় পদক্ষেপঃ ঐতিহাসিক স্থান-চিকিৎসালয় আদিত কৰিলে চেনিটাইজেচন

ডিজিটেল ডেস্ক, বিতৰ্ক, ৯ এপ্ৰিল,শিৱসাগৰ :: বিশ্বত্ৰাস সৃষ্টি কৰা নভেল ক’ৰনা ভাইৰাছৰ সংক্ৰমণক প্ৰতিৰোধৰ বাবে দেশৰ লগতে ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা আৰক্ষী প্ৰশাসনে জনহিতকৰ বাবে কেতবোৰ পদক্ষেপ হাতত লৈছে। সামাজিক দূৰত্ব বজাই ৰাখি স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা পালন কৰিবলৈ চৰকাৰে পৰামৰ্শ আগবঢ়োৱাৰ সমান্তৰালকৈ ৰাজ্যৰ লগতে শিৱসাগৰতো একাংশ অনুষ্ঠানে নিজাববীয়াকৈ চেনিটাইজেচন কৰা দেখিবলৈ পোৱা গৈছে। এইক্ষেত্ৰত ব্যতিক্ৰম নহয় শিৱসাগৰ ছাত্ৰ সন্থা। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, জিলা ছাত্ৰ সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰচেষ্টাত আজি জিলাখনৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা চেনিটাইজেচন কৰাৰ লগতে ৰাইজক সজাগ হোৱাৰ পৰামৰ্শ আগবঢ়ায়।

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন, আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ শইকীয়া, সম্পাদক জীপম বৰা, সহঃ সম্পাদক মানস প্ৰতীম দত্ত, উপসভাপতি জ্যোতিষ ফুকন, উপদেষ্টা পাৰ্থ প্ৰতিম বৰা সহিতে আছুৰ সজাতি দলটিয়ে নগৰৰ কেপিএম চাৰিআলি, শিৱসাগৰ অসামৰিক চিকিৎসালয়, জয়সাগৰ চাৰিআলি, ৰঙ্গনাথ শিৱ মন্দিৰ, জয়ানগৰ প্ৰাৰ্থমিক বিদ্যালয়, জয়সাগৰ হাইস্কুল, তলাতল ঘৰ, কাৰেং তিনি আলি, ৰংঘৰ, হাতীখোঁক তিনি আলি, ৰংঘৰ চাৰি আলি মছজিদ প্ৰাংগনকে ধৰি কেইবাটাও অঞ্চলত চেনিটাইজেচন কৰি ৰাইজৰ প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *