লকডাউনত দৰিদ্ৰজনৰ কাষত ৰংঘৰ চাৰি আলি যুৱ জামাতঃ বিলালে বিভিন্ন খাদ্য সামগ্ৰী

চামিউল আহমদ, বিতৰ্ক, ৮ এপ্ৰিল, শিৱসাগৰ :: দেশজুৰি মহামাৰী ক’ৰনা ভাইৰাছে চলোৱা আতংকৰ বাবে দেশত জাৰি হৈ আছে ২১ দিনীয়া লকডাউনৰ। অহা ১৪ এপ্ৰিলত অন্ত পৰিব লগীয়া এই লকডাউনৰ সময়ছোৱাত দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। তেনে এক সময়তে বৃহত্তৰ ৰংপুৰ অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ কাষত থিয় দিছে ৰংঘৰ চাৰি আলি যুৱ জামাতৰ সদস্যসকল।

উল্লেখযোগ্য যে, আজি ৰংঘৰ চাৰি আলি যুৱ জামাতৰ সদস্যসকলে সামাজিক দূৰত্ব বজাই ৰাখি অঞ্চলটোৰ প্ৰায় ২৫০ ঘৰ দৰিদ্ৰ লোকক এমুঠি অন্নৰ যোগান ধৰাৰ বাবে প্ৰয়াস কৰে। সদস্যসকলে প্ৰতিটো পৰিয়ালকে চাউল, দাইল, আলু, পিয়াজ, মিঠাতেল আৰু চুজি বিতৰণ কৰে। যুৱ জামাত আজিৰ এই কাৰ্য্যসূচীত শিৱসাগৰ প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ইনামুল হাজৰিকা, সাংবাদিক নজিউল্লা হাজৰিকা, ঐক্য সেনা অসমৰ সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকাই উপস্থিত থকাৰ লগতে বিভিন্ন ধৰণেৰে যুৱ জামাতৰ সদস্যসকল সহায় সহযোগিতা আগবঢ়াই। দেশৰ এই দূৰ্যোগৰ সময়ত ৰংঘৰ চাৰি আলি যুৱ জামাতে এনেদৰে দৰিদ্ৰ সকলৰ কাষত থিয় দিয়াৰ বাবে সকলোৰে প্ৰশংসা বুটলা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *