বৃদ্ধি হব নেকি লকডাউনৰ সময়সীমা?

ডিজিটেল ডেস্ক, বিতৰ্ক, ৮ এপ্ৰিল, শিৱসাগৰ :: সমগ্ৰ দেশত জাৰি হৈ আছে ২১ দিনৰ লকডাউন। এই ২১ দিনৰ লকডাউন ১৪ এপ্ৰিলত অন্ত পৰিব যদিও এই সন্দৰ্ভত বিচাৰ বিবেচনা কৰি আছে কেন্দ্ৰীয় চৰকাৰে। এই সিদ্ধান্ত লোৱাৰ পূৰ্বে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিব প্ৰধানমন্ত্ৰীয়ে। ইতিমধ্যে ভিডিঅ’ কনফাৰেন্সৰ যোগে দেশৰ বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হৈছে প্ৰধানমন্ত্ৰী। অৱশ্যে প্ৰধানমন্ত্ৰী মোডীয়ে কয়, এই অন্তিম নিৰ্ণয় ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাৰ অন্ততহে লোৱা হ’ব।

ইতিমধ্যে ৬ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰক লকডাউনৰ সময়সীমা বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিছে। বুধবাৰে অনুষ্ঠিত বিৰোধী দলৰ নেতাসকলৰ ভিডিঅ’ কনফাৰেন্সৰ বৈঠকত কংগ্ৰেছৰ গোলাম নবী আজাদ, তৃণমূল কংগ্ৰেছৰ সুদীপ বংগোপাধ্যায়, শিৱসেনাকৰ সঞ্জয় ৰাওট, সমাজবাদী পাৰ্টিৰ ৰামগোপাল যাদৱ, বিএছপিৰ সতীশ চন্দ্ৰ মিশ্ৰ, এনচিপিৰ শৰদ পাৱাৰ, ডিএমকেৰ টি আৰ বালোকে ধৰি বহুকেইজন জ্যেষ্ঠ নেতাই ভাগ লয়। উল্লেখ্য যে, অহা শনিবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ সৈতে এই সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্সিঙযোগে দ্বিতীয়খন বৈঠকত অংশ ল’ব। আৰু তাতেই লকডাউন বৃদ্ধি কৰা-নকৰা সন্দৰ্ভত অন্তিম সিদ্ধান্ত ল’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *