শ্ববে বাৰাতত ঘৰতে থাকি উপাসনা কৰাৰ আহ্বান শিৱসাগৰৰ সদৰ কাজিৰ

ডিজিটেল ডেস্ক, বিতৰ্ক, ৭ এপ্ৰিল, শিৱসাগৰ :: বিশ্বজুৰি বৰ্তমান মহামাৰী নভেল ক’ৰনা ভাইৰাছে আতংকৰ সৃষ্টি কৰি আছে। এইপৰ্যন্ত সমগ্ৰ বিশ্বত কেইবালক্ষ লোক এই মহামাৰী ৰোগবিধত আক্ৰান্ত হোৱাৰ বিপৰীতে কেইবাহাজাৰো লোকৰ মৃত্যু হৈছে। এই ক’ৰনা ভাইৰাছে ভাৰততো সন্ত্ৰাসৰ সৃষ্টি কৰিছে। তাৰ পৰিপ্ৰেক্ষিততে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত ঘোষণা কৰিছিল ২১ দিনীয়া লকডাউনৰ।

ইফালে অহা ৯ তাৰখে সন্ধিয়াৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্ৰবিত্ৰ শ্ববে বাৰাত। সাধাৰণতে এই নিশাটোত ইছলামধৰ্মী লোকসকলে উজাগৰে থাকি উপাসনা কৰে। এই সময়ছোৱাত পুৰুষসকলে মছজিদত থাকি উপাসনা কৰাৰ লগতে নিশা কবৰস্থানলৈ গৈ এই পৃথিৱীৰ পৰা বিদায়লোৱা লোকসকলৰ মুক্তিৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায়। ক’ৰনা ভাইৰাছৰ বাবে লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি আজি শিৱসাগৰ জিলাৰ সদৰ কাজি চৈয়দ আহমদ কবিৰে এক সংবাদমেল আযোজন কৰি এই পবিত্ৰ শ্ববে বাৰাতত ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঘৰতে থাকি উপাসনা কৰাৰ বাবে তেওঁ আহ্বান জনায়। সংবাদমেলত কাজিগৰাকীয়ে ইছলামধৰ্মী লোকসকলক কবৰস্থানলৈ যোৱাৰ পৰা বিৰত থাকি ঘৰৰ পৰাই প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *