লকডাউনত দৰিদ্ৰজনৰ কাষত মিছাজানৰ বিশিষ্ট ব্যৱসায়ী ৰাজাউদ্দিন আহমেদ

ডিজিটেল ডেস্ক, বিতৰ্ক, ৬ এপ্ৰিল, শিৱসাগৰ :: সমগ্ৰ বিশ্বতে বৰ্তমান নভেল ক’ৰনা ভাইৰাছৰ আতংকই বিৰাজ কৰিছে। এই মহামৰীত বিশ্বৰ কেইবালক্ষ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে এতিয়ালৈকে মৃত্যু মুখত পৰিছে কেইবাহাজাৰ লোকো। এই মহামাৰীৰ পৰা হাৰি যোৱা নাই ভাৰতবৰ্ষও। যাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সমগ্ৰ দেশতে ২১ দিনীয়া লকডাউন ঘোষণা কৰিছে। এই লকডাইনৰ সময়ত আৰ্তজনৰ কাষত ঠিয় দিছে শিৱসাগৰ জিলাৰ মিছাজান গাওঁৰ বিশিষ্ট ব্যৱসায়ী তথা শিক্ষক ৰাজাউদ্দিন আহমেদে(ৰাজু)।

গাওঁখনৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ প্ৰায় ১০০ টা পৰিয়ালক প্ৰদান কৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী। প্ৰতিটো পৰিয়ালক  চাউল, দাইল, আলু, পিয়াজ, মিঠাতেল, চাবোন আৰু চয়াবিন বিতৰণ কৰে ব্যৱসায়ীজনে। ব্যৱসায়ীজনৰ আহ্বান মৰ্মে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে গাঁওৰক্ষী বাহিনীৰ সম্পাদক কেৰিম আলি, মিছাজান মছজিদ সমিতিৰ সম্পাদক হাইদৰ আলি আৰু শিক্ষক আমিৰ উল্লাই। দেশৰ এই দূৰ্যোগৰ সময়ত দৰিদ্ৰ সকলৰ কাষত থিয় দিয়াৰ বাবে ৰাজাউদ্দিনৰ এনে মহৎ কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *