ডিঙিত গামোচা লৈ ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে বন্তি প্ৰজ্বলন প্ৰধান মন্ত্ৰীৰ

ডিজিটেল ডেস্ক, বিতৰ্ক, ৬ এপ্ৰিল, শিৱসাগৰ :: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ডিঙিত গামোচা লৈ ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে বন্তি জ্বলোৱা পৰিলক্ষিত হয়। প্ৰধান মন্ত্ৰীগৰাকীয়ে দেশবাসীক ক’ ৰনা ভাইৰাছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ বাবে দেওবাৰে সন্ধিয়া ৯ বজাত ৯ মিনিটৰ বাবে বন্তি প্ৰজ্বলনৰ বাবে আহ্বান জনাইছিল।

দেওবাৰে ৯ বজাৰ লগে লগেই সমগ্ৰ দেশবাসীয়ে লাইট নুমুৱাই চাকি, বন্তি আৰু ম’বাইলৰ ফ্লেশ্ব লাইট জ্বলাই প্ৰধান মন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি জনোৱা পৰিলক্ষিত হয়। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ বাসগৃ্হত মাটিৰ চাকি জ্বলোৱা পৰিলক্ষিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *