শিৱসাগৰৰ আমগুৰি গাঁৱত নিশা দুষ্কৃতিকাৰীযে এৰি গল এগৰাকী মহিলাঃ অসুস্থ মহিলাক লৈ চিন্তিত ৰাইজ

ডিজিটেল ডেস্ক, বিতৰ্ক, ৫ এপ্ৰিল, শিৱসাগৰ :: শিৱসাগৰ নগৰৰ গাতে লাগি থকা আমগুৰি ঘাট গাঁৱত আতংকৰ পৰিৱেশে বিৰাজ কৰিছে। আতংকৰ কাৰণ এগৰাকী মহিলা।ক’ৰনাৰ আতংকৰ মাজত অঞ্জুমা বেগমৰ আতংকই কম্পিত কৰিলে ৰাইজক। ক’ৰনা ভাইৰাছৰ বাবে লকডাউন চলি আছে সমগ্ৰ দেশত। চৰকাৰে ঘোষণা কৰা অনুসৰি বলৱৎ কৰা হৈছে ২১ দিনীয়া লকডাউন। ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ব্যক্তিৰ লগত ব্যক্তিৰ সংস্পৰ্শ হ্ৰাস কৰাৰ বাবে এই লকডাউন। লকডাউনৰ মাজত যোৱা নিশা আমগুৰি ঘাট গাঁৱৰ সমীপত এখন বাহনে এৰি যায় এগৰাকী মহিলা। এতিয়া এই মহিলা গৰাকী হৈ পৰিছে ৰাইজৰ বাবে সন্ত্ৰাসৰ কাৰণ।সামান্য অসুস্থ যেন লগা মহিলা গৰাকীক কোনে কিয় এইদৰে এৰি গল তাক লৈ ভয়াৰ্ত হৈ পৰিছে গাওঁবাসী।

মহিলা গৰাকীৰ নাম অঞ্জুমা বেগম। ঘৰ নগাঁৱৰ চামুগুৰিত। বহু দিনৰ পৰা শিৱসাগৰৰ ৰজাবাৰী অঞ্চলৰ এটা ইটাভাটাত শ্ৰমিকৰূপে কাম কৰিছিল অঞ্জুমা বেগমে। কালি নিশা ভাটাৰ পৰা দুজনমান লোকে অঞ্জুমা বেগমক চামগুৰি ঘৰত থৈ আহিম বুলি লৈ আনি এৰি যায় আমগুৰি ঘাট গাঁৱৰ সমীপত।অচিনাকি ঠাইত এৰি দিয়া মানুহগৰাকীয়ে নিশা সহায়ৰ বাবে ইফালে সিফালে গৈছিল যদিও ক’ৰনা ভাইৰাছৰ ভয়ত বিভিন্নজনে খেদি পঠোৱাৰ লগতে দুই একে মাৰধৰ কৰে।অৱশেষত আমগুৰি ঘাট গাঁৱৰ একাংশ যুৱকে মহিলা গৰাকীক দূৰে দূৰে আনি সুৰক্ষিত ঠাইত আশ্ৰয় দিয়ে। পুৱাৰে পৰা মহিলা গৰাকীৰ বিষয়ে আৱগত কৰি প্ৰশাসনক খৱৰ দিয়া হৈছিল যদিও প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে। অৱশেষত জয়সাগৰ আৰক্ষী চকীৰ আৰক্ষী আহি মহিলা গৰাকীক এম্বুলেঞ্চৰ দ্বাৰা স্বাস্থ্য পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *