লকডাউনত আৰ্তজনৰ কাষত অ’এনজিচিৰ অনুসুচিত জাতি-জনজাতি কৰ্মচাৰী কল্যাণ সন্থা

ডিজিটেল ডেস্ক, বিতৰ্ক, ৫ এপ্ৰিল, শিৱসাগৰ :: সমগ্ৰ বিশ্বতে বৰ্তমান নভেল ক’ৰনা ভাইৰাছৰ আতংকই বিৰাজ কৰিছে। এই মহামৰীত বিশ্বৰ কেইবালক্ষ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে এতিয়ালৈকে মৃত্যু মুখত পৰিছে কেইবাহাজাৰ লোকো। এই মহামাৰীৰ পৰা হাৰি যোৱা নাই ভাৰতবৰ্ষও। যাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সমগ্ৰ দেশতে ২১ দিনীয়া লকডাউন ঘোষণা কৰিছে। এই লকডাইনৰ সময়ত আৰ্তজনৰ কাষত অ’এনজিচিৰ অসম সম্পদৰ সদৌ ভাৰত অনুসূচীত জাতি জনজাতি কৰ্মচাৰী কল্যান সন্থাই। শিৱসাগৰৰ ৰাধীকা নগৰ, ৰুদ্ৰসাগৰ, জয়সাগৰৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ প্ৰায় ৭০ টা পৰিয়ালক প্ৰদান কৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী। প্ৰতিটো পৰিয়ালক  চাউল, দাইল, আলু, পিয়াজ, মিঠাতেল, চাবোন আৰু চয়াবিন বিতৰণ কৰে সন্থাই।

সদৌ ভাৰত অনুসূচিত জাতি জনজাতি কল্যান সন্থাৰ প্ৰতিজন বিষয়া কৰ্মচাৰীৰ নিজৰ দৰমহাৰ পৰা মাহেকীয়াকৈ জমা ৰখা পুঁজিৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সন্থাৰ অধ্যক্ষ পুনাৰাম মিলিৰ আহ্বান ক্ৰমে আজিৰ এই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত সম্পাদক জগত হাজৰিকা, দিপেন দাস,  ডেম্বিৰাম পাংগিং, কল্যান দাস, গহীন বসুমতাৰী, তিলেশ্বৰ নেওগ, চন্দন দাস,  দিগন্ত মেছ, মণিৰাম কছাৰী আৰু শৰৎ হাজৰিকাই অংশ গ্ৰহণ  কৰে। দেশৰ এই দূৰ্যোগৰ সময়ত সদৌ ভাৰত অনুসূচীত জাতি জনজাতি কল্যান সন্থা অ’এনজিচি অসম সম্পদৰ এনে মহৎ কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *