ব্লকবাষ্টাৰ হোৱা ‘গেন্ডা ফুল’ শীৰ্ষক গীতটিৰ আঁৰৰ প্ৰকৃত কাহিনী পঢ়ো আহক…

ডিজিটেল ডেস্ক, বিতৰ্ক, ৫ এপ্ৰিল, শিৱসাগৰ :: যোৱা ১ এপ্ৰিল তাৰিখে ছনি মিউজিক ইণ্ডিয়াৰ বেনাৰত ইউটিউবত আপলোড হৈছে এটি বিশেষ গীত। গীতটো আপলোড হোৱা দিনৰ পৰা ই ব্যাপক হাৰত জনপ্ৰিয় হৈ পৰিছে। বলিউড কন্ঠশিল্পী বাদশ্বাহে কন্ঠদান কৰা এই সংগীতত অভিনয় কৰিছে বলিউডৰ মোহময়ী অভিনেত্ৰী জেক্যুলিন ফাৰ্নানদেজে। লগতে সংগীতটোত থকা বিশেষ আকৰ্ষণ তথা বাংলা ভাষাৰ সেই অংশত কন্ঠদান কৰিছে পায়ল দেৱে।

‘বৰ লোকৰ বেটি লয় লম্বা লম্বা ছুল, এমন মাঠাই বেন্ধি দিব লাল গেন্ডা ফুল’-

বাদশ্বাহৰ এই গীতটো জনপ্ৰিয় হোৱাৰ পাছত এটিয়া চ’ছিয়েল মিডিয়াত ব্যাপক হাৰত চৰ্চা হোৱা পৰিলক্ষিত হৈছে। কিয়নো বাদশ্বাহে পশ্চিম বংগৰ স্মৃতি বিৰাজমান এটি সুন্দৰ লোকগীতৰ কিছু অংশ আনি যৌনগন্ধী মূলক কিছু কথাৰ সংযোগ কৰি গীতটো পৰিৱেশন কৰিছে।

ইফালে যিজন শিল্পীৰ লেখা বা গীতৰ পৰা এই বিশেষ অংশ লোৱা হৈছে তেওঁৰ নাম হল ৰতন কাহাৰ। পশ্চিম বংগৰ এখন সৰু গাওঁ নাগোৰীৰ নিবাসী ৰতন কাহাৰ। এটি ভঙা ঘৰত চাৰিটা সন্তানৰ সৈতে বাস কৰে এই লোকগীত শিল্পী গৰাকী। ১৯৭২ চনত ৰতন কাহাৰে লিখিছিল গীতটো। ৰতনৰ অনুসৰি এই গীতটো এগৰাকী পতিতাক লৈ লিখা হৈছিল। ১৯৭৬ চনত সংগীত শিল্পী স্বপ্না চক্ৰৱৰ্তীৰ কন্ঠত এই গীতটো প্ৰথম বাৰ ৰেকৰ্ড হৈ সংগীত ৰূপে বজাৰলৈ ওলাই আহিছিল।

ইয়াতে সমালোচক সকলে সমালোচনা কৰি কয় যে গীতটোৰ আচল অৰ্থ সলনি কৰাটো ইমান ডাঙৰ অপৰাধ নহয়, যিমানটো গীতটো লিখা আচল শিল্পীগৰাকীয়ে ইয়াৰ উচিত মৰ্যদা নোপোৱাতো হৈছে। লোকসংগীত শিল্পী ৰতন কাহাৰ না ১৯৭৬ চনত তেওঁৰ উচিত মৰ্যদা পালে না ২০২০ চনত পালে। এতিয়া ভাৰতৰ অগনন সংগীতপ্ৰেমী ৰাইজে কিদৰে ৰতন কাহাৰ তেওঁৰ প্ৰাপ্য তেওঁক ঘূৰাই দিয়ে সেইয়াহে এতিয়া লক্ষ্যনীয় হব।

Leave a Reply

Your email address will not be published. Required fields are marked *