ক‍’ৰ‍না ভাইৰাছত দেশত ৩,৫৮৮ গৰাকী লোক আক্ৰান্তঃ মৃত্যু ৯৯ গৰাকীৰ

ডিজিটেল ডেস্ক, বিতৰ্ক, ৫ এপ্ৰিল, শিৱসাগৰ :: ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ক‍‘ৰ‍না ভাইৰাছত আক্ৰান্তৰ সংখ্যা। দেশত এতিয়ালৈকে এই মহামাৰীৰ ফলত ৩,৫৮৮ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৯৯ গৰাকী লোকৰ মৃত্যু হৈছে। তথ্য অনুসৰি, আজি পুনে চহৰত তিনিজন লোকৰ মৃত্যু হয়।

দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি আক্ৰান্ত হোৱা লোকৰ ২২৯ গৰাকী লোক সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ উভতিছে। এই পৰ্যন্ত দেশৰ ভিতৰত সৰ্বাধিক মহাৰাষ্ট্ৰত ৬৯০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। ৰাজ্যখনত আজি মুঠ ২৬ গৰাকী লোকৰ দেহত নতুনকৈ এই ভাইৰাছবিধৰ অৱস্থিতি ধৰা পৰিছে। ইয়াৰে ১৭ গৰাকী পুনেৰ। ইয়াৰ উপৰি ৰাজধানী নতুন দিল্লীত যোৱা ২৪ ঘণ্টাত ৫৯ গৰাকী লোক নতুনকৈ ক‍’ৰ‍’নাত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *