শিৱসাগৰ ৰেলৱে কলনীত অবৈধ বিলাতী সুৰা জব্দ: আৰক্ষীৰ অভিযানত আটক এজন

ডিজিটেল ডেস্ক, বিতৰ্ক, ৪ এপ্ৰিল, শিৱসাগৰ :: দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰনা ভাইৰাচৰ সংক্ৰামক প্ৰতিৰোধৰ বাবে ২১ দিন ল’ক ডাউনৰ সুযোগ গ্ৰহণ কৰি একাংশই নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত গঢি তুলিছে অবৈধ মদৰ বেহা। জিলাখনৰ এনে অবৈধ মদৰ বেহাৰ বিৰুদ্ধে সষ্টম হৈ উঠিছে জিলা আৰক্ষী বিভাগ।

বিভাগটোৱে কালি নিশা এক গোপন সূত্ৰৰ পমখেদি নগৰৰ ৰেলৱে কলনীৰ ই-৩ নম্বৰৰ কোৱাৰ্টাৰৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে । উল্লেখযোগ্য যে, লক ডাউনৰ মাজত অবৈধ ভাৱে মজুত ৰখা বিলাতী সুৰাৰ বেহা চলাই আছিল মণ্টুৰাম অধিকাৰী নামৰ এজন ৰেল বিভাগৰ কৰ্মচাৰীয়ে। জিলা দণ্ডাধীশৰ উপস্থিতিত শিৱসাগৰ আৰক্ষীয়ে ৰেলৱেৰ গেটমেন মণ্টুৰাম অধিকাৰীক আটক কৰাৰ লগতে সমস্ত অবৈধ মদ জব্দ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *