শিৱসাগৰ জিলাত হোম কোৱাৰেন্টাইনত আছে ২০৫৭ গৰাকী ব্যক্তি

ডিজিটেল ডেস্ক, বিতৰ্ক, ৪ এপ্ৰিল, শিৱসাগৰ :: বিশ্বজুৰি বৰ্তমান মহামাৰী ৰূপে মুৰ দাঙি উঠিছে নভেল ক’ৰনা ভাইৰাছে। ইয়াৰ পৰা পৰিত্ৰাণ পোৱা নাই ভাৰতবৰ্ষও। শেহতীয়া তথ্য অনুসৰি বৰ্তমান সময়ত ভাৰতত মুঠ ৩০৮২ গৰাকী এই ক’ৰনা ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ৮৬ গৰকী লোকৰ মৃত্যু হৈছে। ইফালে এই ক্ষেত্ৰত হাৰি নগল অসমো। অসমত এইপৰ্যন্ত ২৫ গৰাকী লোক ক’ৰনাত আক্ৰান্ত হৈছে।

অন্যহাতে, এনে এক সংহাৰী বিপদ প্ৰতিৰোধৰ বাবে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন। যাৰ বাবে শিৱসাগৰ স্বাস্থ্য বিভাগ তৰফৰ পৰা ক’ৰনা ভাইৰাছ প্ৰতিৰোধৰ কৰাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে। এই পদক্ষেপ সমূহৰ ভিতৰত আছে হোম কোৱাৰেন্টাইন, সন্দেহজনক লোকৰ ৰক্ত পৰীক্ষা, তেনে লোকৰ ভ্ৰমণ ইতিহাস পৰীক্ষা কৰা ইত্যাদি। বৰ্তমানলৈকে শিৱসাগৰ স্বাস্থ্যবিভাগে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ মুঠ ২০৫৭ গৰাকী লোকক হোম কোৱাৰেন্টাইনত ৰাখিছে বুলি জানিব পৰা গৈছে। ইয়াৰে ২ গৰাকী লোকক ফেচিলিটি কোৱাৰেন্টাইনত ৰখাৰ বিপৰীতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৮ গৰাকীক ৰখা হৈছে। এতিয়ালৈকে ৫১ জন সন্দেহজনক লোকৰ তেজৰ নমুনা লাহোৱালৰ আইচিএমআৰলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *