শিৱসাগৰৰ ৰফিকুল হাজৰিকাক আজি আদালতত হাজিৰ

ডিজিটেল ডেস্ক, বিতৰ্ক, ৪ এপ্ৰিল, শিৱসাগৰ :: শিৱসাগৰৰ ব্যৱসায়ী ও বিজেপি কৰ্মী ৰফিকুল হাজৰিকা ওৰফে বাবুজানক যোৱাকালি দেৰগাঁৱৰ পৰা শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। উল্লেখনীয় যে, ব্যৱসায়ীজনৰ বিৰুদ্ধে বলৎকাৰ ,ব্লেকমেইলিং তথা মাৰপিতৰ অভিযোগ উত্থাপন কৰিছিল চেতিয়া উপাধিৰ এটা সন্তানৰ এগৰাকী মাতৃয়ে৷

দীৰ্ঘদিনে ব্লেকমেইলিঙৰে ব্যৱসায়ী তথা বিজেপি কৰ্মীজনে যৌন নিৰ্যাতন কৰি অহা বুলি পীড়িতা মহিলা গৰাকীয়ে ব্যক্ত কৰিছিল। মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৪৪৮/২৯৪(বি)/৫০৬/৩২৩/৩৭৬/৩৮৪ ধাৰাত ৩৯০/২০ নং এক গোচৰ ৰুজু কৰাৰ লগতে কালি গোপন সূত্ৰৰ পমখেদি বাবুজানক গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰে। আদালতে বাবুজানক দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *