অসমত পুনৰ বৃদ্ধি পালে ক’ৰনাত আক্ৰান্তৰ সংখ্যাঃ আক্ৰান্তৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি

ডিজিটেল ডেস্ক, বিতৰ্ক, ৪ এপ্ৰিল, শিৱসাগৰ :: আজি ৰাজ্যত পুনৰ এজন ব্যক্তিৰ শৰীৰত ক’ৰনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। আজি ক’ৰনা সংক্ৰমিত বুলি পৰীক্ষাত প্ৰমাণ হোৱা ব্যক্তি গৰাকী উত্তৰ লক্ষীমপুৰৰ। ক’ৰনা আক্ৰান্ত হোৱা লোক গৰাকীয়ো দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ জামাতৰ সৈতে সম্পৰ্ক থকা। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা সদৰী কৰে। ইয়াৰ লগতে বৰ্তমান ৰাজ্যত ক’ৰনা আক্ৰান্তৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে, ৩ এপ্ৰিলত ৰাজ্যত মুঠ আঠগৰাকী ব্যক্তি ক’ৰনাত আক্ৰান্ত হৈছিল। ৩১ মাৰ্চত ৰাজ্যত প্ৰথমগৰাকী ব্যক্তি চিনাক্ত হোৱাৰ পাছত মাত্ৰ পাঁচ দিনৰ ভিতৰতে এই সংখ্যাই ২৫ গৰাকী স্পৰ্শ কৰে। বৰ্তমানলৈ অসমত ক’ৰ’নাত আক্ৰান্ত হোৱা ২৫ গৰাকী লোকৰ ভিতৰত ২৪ গৰাকী লোকে দিল্লীৰ নিজামুদ্দিন জামাতৰ সৈতে সম্পৰ্ক থকা।

ইফালে এনে এজন লোক কোৰোনাত আক্ৰান্ত হৈছে যিজন লোক নিজামুদ্দিনৰ মাৰ্কাজলৈ যোৱা নাছিল। অথবা লোকজন নিজামু্দ্দিন মাৰ্কাজৰ সৈতে কোনো ফালৰে পৰা জড়িত নহয়।এই লোকজন মহানগৰীৰ স্পেনিছ গাৰ্ডেনৰ মনিশ তিবেৰবাল বুলি জানিব পৰা গৈছে। তেওঁ কিছুদিন পূ্ৰ্বে দিল্লীৰ পৰা উভতি আহিছিল। লোকজন এজন ব্যৱসায়ী বুলি জানিব পৰা গৈছে। দিল্লীৰ পৰা ঘূৰি অহা লোকজন হঠাৎ ক’ৰনা আক্ৰান্ত বুলি খবৰ প্ৰকাশ পোৱাৰ পিছতে সমগ্ৰ গুৱাহাটী মহানগৰীতে চাঞ্চল্যৰ সৃষ্টি হৈছে। ইফালে এতিয়ালৈকে কোৰোনাত গোলাঘাটৰ ৯ গৰাকী, গোৱালপাৰাৰ ৩ গৰাকী, নলবাৰীৰ ৪ গৰাকী, মৰিগাঁৱৰ ৪ গৰাকী, কামৰূপৰ ১ গৰাকী, মানকাচৰৰ ১ গৰাকী, কৰিমগঞ্জৰ ১ গৰাকী লোক আক্ৰান্ত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *