মহিলাক নিৰ্যাতন চলোৱা বিজেপি নেতা ৰফিকুল হাজৰিকা ওৰফে বাবুজানক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক, বিতৰ্ক, ৩ এপ্ৰিল, শিৱসাগৰ :: শিৱসাগৰৰ ব্যৱসায়ী ও বিজেপি কৰ্মী ৰফিকুল হাজৰিকা ওৰফে বাবুজানক আজি দেৰগাঁৱৰ পৰা শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখনীয় যে, ব্যৱসায়ীজনৰ বিৰুদ্ধে বলৎকাৰ ,ব্লেকমেইলিং তথা মাৰপিতৰ অভিযোগ উত্থাপন কৰিছিল চেতিয়া উপাধিৰ এটা সন্তানৰ এগৰাকী মাতৃয়ে ৷ দীৰ্ঘদিনে ব্লেকমেইলিঙৰে মহিলা গৰাকীক ব্যৱসায়ী তথা বিজেপি কৰ্মীজনে যৌন নিৰ্যাতন কৰি অহা বুলি স্পষ্টভাবে পীড়িত মহিলা গৰাকীয়ে ব্যক্ত কৰিছিল।

ইফালে মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে ৩৯০/২০ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৪৪৮/২৯৪(বি)/৫০৬/৩২৩/৩৭৬/৩৮৪ ধাৰাত গোচৰ ৰুজু কৰিছিল। ৩১ মাৰ্চৰ নিশা মহিলাগৰাকীৰ দ্বাৰা এজাহাৰ দাখিলৰ পাছতেই পলায়ন কৰিছিল ৰফিকুল হাজৰিকাই। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে দেৰগাঁৱৰ ৰাজু আলী নামৰ এজন ব্যক্তিৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰফিকুল হাজৰিকাক।

Leave a Reply

Your email address will not be published. Required fields are marked *