ভাৰতত ক’ৰনাত আক্ৰান্তৰ সংখ্যা ২৫৬৭ জনলৈ বৃদ্ধিঃ ৭২ জন লোকৰ মৃত্যু

ডিজিটেল ডেস্ক, বিতৰ্ক, ৩ এপ্ৰিল, শিৱসাগৰ :: বিশ্বজুৰি মহামাৰীৰ সৃষ্টি কৰা নভেল ক’ৰনা ভাইৰাছে ভাৰতত বৰ্তমান সংহাৰী ৰূপ ধাৰণ কৰিছে। আজি পুৱালৈকে পোৱা শেহতীয়া খৱৰ অনুসৰি ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যা ২৫৬৭ জনলৈ বৃদ্ধি পাইছে। এতিয়ালৈকে ৭২ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। অন্যহাতে ১৯২ জন লোকে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে। আনহাতে, দেশৰ গৃহ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা বৃহস্পতিবাৰে নিজামুদ্দিনৰ মাৰ্কাজৰ জামাতৰ লগত সম্পৰ্ক থকা মুঠ ৯,০০০ গৰাকী লোকক কোৱাৰিণ্টাইনৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰে।

ৰাজ্যজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • মহাৰাষ্ট্ৰঃ ৪২৩
  • তামিলনাডুঃ ৩০৯
  • দিল্লীঃ ২৯৩
  • কেৰালাতঃ ২৮৬
  • অন্ধ্ৰপ্ৰদেশঃ ১৪৯
  • ৰাজস্থানঃ ১৫৪
  • তেলেংগানাঃ ১৫৪
  • উত্তৰপ্ৰদেশঃ ১২১
  • কৰ্ণাটকঃ ১২৪
  • মধ্যপ্ৰদেশঃ ১০৭
  • গুজৰাটঃ ৮৮
  • জম্মু-কাশ্মীৰঃ ৭০
  • পঞ্জাৱঃ ৪৭
  • হাৰিয়ানাঃ ৪৯
  • পশ্চিমবংগঃ ৫৩
  • বিহাৰঃ ২৯
  • চণ্ডীগড়ঃ ১৮
  • লাডাখঃ ১৩
  • আন্দামান আৰু নিকোবৰঃ ১০
  • চত্তীশগড়ঃ ৯
  • উত্তৰাখণ্ডঃ ১০
  • গোৱাঃ ৬
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • ঝাৰখণ্ডঃ২
  • মিজোৰামঃ১
  • অসমঃ ১৬

Leave a Reply

Your email address will not be published. Required fields are marked *