দেওবাৰে নিশা ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ কৰি এগছি বন্তি, মোবাইলৰ ফ্লাচ ইত্যাদি জ্বলাই ঐক্যবদ্ধ হোৱাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

ডিজিটেল ডেস্ক, বিতৰ্ক, ৩ এপ্ৰিল, শিৱসাগৰ :: আজি পুৱা ৯ বজাত এক ভিডিঅ বাৰ্তাযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰে। প্ৰথমেই তেওঁ লকডাউনৰ সময়ত দেশবাসীয়ে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে এই যুঁজ এনেদৰেই অব্যাহত থাকিব আৰু এই যুঁজত সকলোৰে সহযোগিতা লক্ষ্যণীয়। কোৰোনাৰ সৈতে ভাৰতবাসীয়ে দিয়া যুজঁ বিশ্ববাসীয়ে শলাগ লৈছে। জনতা কাৰ্ফিউয়েই হওক বা ঘন্টা বজাই জৰুৰীসেৱাৰ ব্যক্তিসকলক কৃতজ্ঞতা জ্ঞাপন কৰাই হওক, সকলোতে দেশবাসীৰ সহযোগিতা অতুলনীয় আৰু অভূৰ্তপূৰ্ব। এই কামসমূহে আচলতে দেশবাসী যে সদায়ে একত্ৰিত হৈ আছে সেই কথা প্ৰতীয়মান কৰিলে।

ক’ৰোনাক প্ৰতিহত কৰিবলৈ দেশবাসীয়ে যে একেলগে যুজিব পাৰে সেই কথা এই সামুহিক কামসমূহে প্ৰমাণ কৰিলে। লকডাউনৰ সময়তো দেশবাসীৰ সামুহিক শক্তি ফুটি উঠিছে। আজি যেতিয়া ভাৰতৰ কোটি কোটি লোক ঘৰত আছে, একাংশৰ ধাৰণা হ’ব পাৰে যে, অকলে আমি কি কৰিম! কোনো লোকে ভাবিব পাৰে যে, এই যুঁজত তেওঁ অকলে কি কৰিব! বহুতে ভাবিব পাৰে যে, এনেকৈ ঘৰৰ আৰু কিমান দিন বন্ধী হৈ থাকিম। কিন্তু বৰ্তমান কোনো অকলশৰীয়া নহয়। ১৩০ কোটি জনতাৰ সামুহিক শক্তি প্ৰত্যেকগৰাকী ব্যক্তিৰ সৈতে আছে বুলি প্ৰধানমন্ত্ৰী জনে উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *