কৰ্তব্যৰ মাজতো শিৱসাগৰ আৰক্ষী-সাংবাদিকৰ মহানুভৱতাঃ অজস্ৰ ভোকাতুৰ কুকুৰক বিলালে ৰুটী-বিস্কুট

ডিজিটেল ডেস্ক, বিতৰ্ক, ৩ এপ্ৰিল, শিৱসাগৰ :: এতিয়াও মানৱতা শেষ হোৱা নাই। যত মানৱতা থাকে তাতেই ভগৱান থাকে। আজি লকডাউনৰ দশম দিন। এই লকডাউনৰ সময়ছোৱাত শিৱসাগৰ নগৰখনৰ বিভিন্ন অলিয়ে গলিয়ে ঘূৰি ফুৰা কুকৰবোৰৰ অৱস্থা বৰ্তমান দুখলগা হৈ পৰিছে। স্বাভাৱিক অৱস্থাৰ সময়ত নিশা পহৰাদাৰী কুকুৰবোৰে দিনৰ ভাগত হোটেলৰ পৰা পেলনীয়া সামগ্ৰী, ডাষ্টবিন খুচৰি পেলনীয়া খাদ্য খোৱাৰ ভোগালী দিনবোৰ কুকুৰবোৰৰ বাবে হঠাতে নাইকিয়া হৈ পৰিল।

এই সময়ছোৱাত আৰক্ষীৰ লোকসকলে লকডাউনৰ কৰ্তব্যত নিয়োজিত হৈ থকাৰ সমান্তৰালকৈ সাংবাদিক সকলে ক’ৰনা ভাইৰাছকো ভয় নকৰি সামাজিক দূৰত্বত থাকি বাতৰি সংগ্ৰহ কৰিবলৈ নগৰলৈ ঢাপলি মেলিব লগা হৈছে। তেনে সময়ত শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বৰা আৰু তেওলোকৰ লগত থকা কেইগৰাকী মান মহিলা কনিষ্টবলৰ লগতে শিৱসাগৰৰ জেষ্ঠ সাংবাদিক খাইৰুদ্দিন আহমেদে প্ৰায়ে দেখা গল বিস্কুট, ৰুটী আদি সেই ভোকাতুৰ কুকুৰকেইটাক বিলাই থকা এক মানৱতাৰ দৃশ্য। এই দৃশ্যই শিৱসাগৰত বিশেষকৈ চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ ভগৱান পৰাও আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *