আমগুৰি যুৱ জামাতে চাৰি গাওঁৰ শতাধিক দৰিদ্ৰ পৰিয়ালক বিতৰন কৰিলে খাদ্য সামগ্ৰীঃ শিৱসাগৰ প্ৰেছ ক্লাৱ-খণ্ডকাৰ পীৰ দৰগাহে আগবঢ়ালে অসম আৰোগ্য নিধিলৈ ২৫ হাজাৰকৈ

ডিজিটেল ডেস্ক, বিতৰ্ক, ৩ এপ্ৰিল, শিৱসাগৰ :: লকডাউনে আজি সমগ্ৰ দেশত দশম দিনত ভৰি দিলে। যাৰফলত ভাৰতৰ সকলো প্ৰান্তৰ দৰিদ্ৰ দিন হাজিৰা কৰা লোকসকলৰ বাবে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত শিৱসাগৰ নগৰৰ সমীপৰ বৃহত্তৰ ৰংপুৰ অঞ্চলক সামৰি লোৱা কেতবোৰ গ্ৰামাঞ্চলৰ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ মাজতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এনে সন্ধিক্ষণত জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে নগৰৰ সমীপৰ আমগুৰি যুৱ জামাতেও বৃহত্তৰ আমগুৰি গাঁও, জোলাগাও, ৰাংচলীয়াগাওঁ আৰু চিপাহী গাওঁৰ শতাধিক দৰিদ্ৰ পৰিয়ালক তেওঁলোকে নিৰ্বাচন কৰি সামাজিক দূৰত্ব বজাই ৰাখি ঘৰে ঘৰে গৈ চাউল, দাইল, মিঠাতেল, নিমখ, আলু, পিয়াজ, পাচলি, ডেটল, চাবোনকে ধৰি মুঠ দহটা আৱশ্যকীয় সামগ্ৰীৰ টোপোলা প্ৰদান কৰে।

অন্যহাতে, শিৱসাগৰ প্ৰেছ ক্লাবে অসম আৰোগ্য নিধিৰ পুজিলৈ জিলা উপায়ুক্তৰ হাতত ২৫ হাজাৰ টকা প্ৰদান কৰাৰ উপৰি খণ্ডকাৰপীৰ দৰগাহ পৰিচালনা সমিতিৰ তৰফৰ পৰা ২৫ হাজাৰকৈ টকা প্ৰদান কৰে। আনহাতে শিৱসাগৰ নগৰৰ হামৰাহী ৱাটছআপ গ্ৰুপে এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰে। তেওলোকে নগৰৰ বিভিন্ন ৱাৰ্ডৰ দৰিদ্ৰ লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যে দুশৰো অধিক পৰিয়ালৰ মাজত ৫ দিনৰ বাবে বিভিন্ন খাদ্য সামগ্ৰী প্ৰদান কৰে। ইফালে শিৱসাগৰৰ শ্ৰেষ্ঠ সাংবাদিক গুণ বৰুৱাৰ পুত্ৰ পৰীক্ষিত বৰুৱাই নগৰৰ বিভিন্ন প্ৰান্তত নিজাববীয়াকৈ শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ উপৰি আন্তঃৰাষ্ট্ৰীয় সমৰকলা খেলুৱৈ প্ৰণৱ দাসেও বিভিন্ন প্ৰান্তত খাদ্য সামগ্ৰী প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *