অসমত পুনৰ ৪ গৰাকী লোক ক’ৰনাত আক্ৰান্ত

ডিজিটেল ডেস্ক, বিতৰ্ক, ৩ এপ্ৰিল, শিৱসাগৰ :: অসমত ক’ৰনাত আক্ৰান্তৰ সংখ্যা ২০ জনলৈ বৃদ্ধি হৈছে।
শুকুৰবাৰে পুনৰ ৪ গৰাকী লোকৰ দেহত কোৰোনাৰ উপস্থিতিৰ কথা পোহৰলৈ আহিছে। ইয়াৰে ৩ গৰাকী নলবাৰীৰ, এগৰাকী দক্ষিণ শালমাৰাৰ। আটাইকেইগৰাকী লোকেই দিল্লীৰ নিজামুদ্দিন মাৰ্কাজলৈ যোৱা বুলি জানিব পৰা গৈছে। এই কথা ক্ষন্তেক সময়ৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিস্ব শৰ্মা টুইটাৰ যোগেদি জানিবলৈ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *