শিৱসাগৰ কাৰাগাৰৰ পৰা ডিব্ৰুগড় আৰক্ষীৰ পুনৰ গ্ৰেপ্তাৰ অখিল গগৈক

ডিজিটেল ডেস্ক, বিতৰ্ক, ১ এপ্ৰিল, শিৱসাগৰ :: শিৱসাগৰ থানাৰ গোচৰৰ পৰা জামিন লাভ কৰাৰ পাছতেই আজি চাবুৱা থানত ৰুজু হৈ থকা অন্য এক গোচৰত অখিল গগৈক শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰিলে ডিব্ৰুগড় আৰক্ষীয়ে। উক্ত গোচৰত আজি শিৱসাগৰ জেইলত ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে থকা শুনানিৰ পূৰ্বেই ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অখিল গগৈক। ইফালে কোনো ৱাৰেন্ট নোহোৱাকৈৱে অখিল গগৈক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ তুলিছে তেওঁৰ অধিবক্তা হেমেন বৰাই। শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে সকলোকে লকডাউন মানি চলিবলৈ আহ্বান জনায়।

লকডাউন ভংগ কৰাৰ নামত আৰক্ষীয়ে যি অত্যাচাৰ চলাইছে সেইটো উচিত হোৱা নাই বুলিও কৃষক নেতা গৰাকীয়ে উল্লেখ কৰে। ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ অসমবাসীলৈ আহ্বান জনোৱাৰ লগতে সমান্তৰালকৈ কাৰ বিৰুদ্ধে যুঁজ দিবলৈও কৃষক নেতাগৰাকীয়ে আহ্বান জনায়। ইফালে তেওঁৰ স্বাস্থ্য বৰ্তমান ভাল নহয় বুলি জনালে সাংবাদিকক। মঙলবাৰে শিৱসাগৰ জিলা কাৰাগাৰত চেলাইন লোৱা বুলি কোৱাৰ লগতে তেওঁৰ কিডনীত পাথৰ আৰু খাদ্যনলীত কিছু ঘাঁ হোৱাৰ কথা উল্লেখ কৰে। উল্লেখ্য যে অখিল গগৈক গ্ৰেপ্তাৰ কৰিবলৈ মঙলবাৰৰ পৰাই ডিব্ৰুগড় আৰক্ষীৰ এটা বৃহৎ দল শিৱসাগৰত বাহৰ পাতি আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *