লকডাউনৰ বাবে যানবাহন আইন সম্পৰ্কীয় নথিৰ ভেলিডিটি বৃদ্ধি

ডিজিটেল ডেস্ক, বিতৰ্ক, ১ এপ্ৰিল, শিৱসাগৰ :: লকডাউনৰ বাবে অসমত যানবাহন আইন সম্পৰ্কীয় নথিপত্ৰৰ ভেলিডিটি অহা ৩০ জুনলৈকে বৃদ্ধি কৰা হৈছে। পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ নিৰ্দেশনাৰ আধাৰত অসমৰ পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। লকডাউনৰ সময়ত ড্ৰাইভিং লাইচেন্স, ফিটনেছ নথি, পঞ্জীয়ন আদিৰ বৈধতা উকলি গ’লেও ৩০ জুনলৈকে সেইবোৰক বৈধ বুলি ধৰা হ’ব।

উল্লেখযোগ্য যে, যোৱা ১ ফেব্ৰুৱাৰিৰ পিছত বৈধতা ওকলা নথিসমূহৰ ক্ষেত্ৰত এই ঘোষণা প্ৰযোজ্য হ’ব। যানবাহন আইন, ১৯৮৮ আৰু কেন্দ্ৰীয় যানবাহন বিধি, ১৯৮৯ সম্বন্ধীয় বিভিন্ন নথিৰ ক্ষেত্ৰত মন্ত্ৰ্যালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। লকডাউনৰ সময়ত নথিসমূহৰ নবীকৰণ কৰাত অসুবিধা হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কৰ’না ভাইৰাছ প্ৰতিহত কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি ২১ দিনীয়া লকডাউন ঘোষণা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *