ক’ৰনাত আক্ৰান্ত ব্যক্তিজন দিল্লীৰ পৰা গুৱাহাটী হৈ গৈছিল কৰিমগঞ্জ

ডিজিটেল ডেস্ক, বিতৰ্ক, ১ এপ্ৰিল, গুৱাহাটী :: ক’ৰনাত আক্ৰান্ত হোৱা অসমৰ প্ৰথমজন ব্যক্তি বৰ্তমান শিলচৰৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। পেছাত এগৰাকী ব্যৱসায়ী কৰিমগঞ্জ বদৰপুৰৰ ৫২ বছৰীয়া এই লোকগৰাকী দিল্লীৰ পৰা উভতি গুৱাহাটীত দুটা দিন ধৰি আছিল। ইতিমধ্যে ব্যক্তিজনে গুৱাহাটীৰ হাতীগাওঁ হৈ কৰিমগঞ্জলৈ যাত্ৰা কৰাৰ খবৰ পোহৰলৈ আহিছে যদিও আচলতে তেওঁ দুটা ধৰি আছিল আঠগাঁৱৰ মতিউৰ ৰহমান নামৰ এজন লোকৰ ঘৰত। ৫ মাৰ্চত দিল্লী গৈ ব্যক্তিজন দিল্লীৰ জ্যোতি হোটেলত আছিল৷ দিল্লীত জাম্মা মছজিদৰ লগতে নিজামুদ্দিনৰ সমীপৰ বিভিন্ন অঞ্চলত তেওঁ পৰিভ্ৰমণ কৰিছিল।

১০ মাৰ্চত গুৱাহাটীলৈ উভতি দুদিন আঠগাঁৱত থাকি ১৩ মাৰ্চত ৰাজধানী এক্সপ্ৰেছেৰে চফিকুৰ ৰহমান নামৰ এজন লোকৰ সৈতে বদৰপুৰ পাইছিলগৈ৷ হাতীগাওঁ হৈ তেওঁ গুৱাহাটী এৰিছিল বুলি জানিব পৰা গৈছে।কৰ্কট আৰু বহুমূত্ৰ ৰোগত আক্ৰান্ত ব্যক্তিজনক হঠাৎ জ্বৰ হোৱাৰ বাবে ১৭ মাৰ্চত কাছাৰ কেন্সাৰ হাস্পতালত ভৰ্তি হৈ ১৮ মাৰ্চত ৰিলিজ লৈছিল৷ শিলচৰ মেডিকেল কলেজলৈ আহিছিল ২৯ মাৰ্চৰ নিশা ১১ বজাত৷ তাতে একাধিক পৰীক্ষাত তেওঁৰ COVID-19 পজিটিভ বুলি ধৰা পৰে৷ কিন্তু এই ক্ষেত্ৰত পুণেৰ এনআইভিৰ পৰা পৰীক্ষাৰ ৰিৰ্পট পজিটিভ বুলি আহাৰ পাছতহে নিশ্চিত বুলি জানিব পৰা গল।

Leave a Reply

Your email address will not be published. Required fields are marked *