ক’ৰনাত আক্ৰান্তৰ সংখ্যা ৫ জনলৈ বৃদ্ধি

ডিজিটেল ডেস্ক, বিতৰ্ক, ১ এপ্ৰিল, শিৱসাগৰ :: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ক’ৰোণা ভাইৰাছৰ ভয়াৱহতাৰ সন্দৰ্ভত অৱগত কৰে। অসমত ক’ৰোণা পজিটিভৰ সংখ্যা পাঁচ জনলৈ বৃদ্ধি। শিলচৰ চিকিৎসা মহাবিদ্যালৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নতুনকৈ চাৰিজনৰ দেহত ক’ৰোণাৰ অৱস্থিতি ধৰা পৰিছে। বৰ্তমান আটাইকেইজনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে, আজি সন্ধিয়ালৈকে অসমত ক’ৰোণাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি সংবাদমেলখনত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে। অসমত কৰ’নাত আক্ৰান্ত আটাই কেইজনেই মাৰ্কাজলৈ গৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *