ভাৰতত কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ১৪০০ অতিক্ৰমঃ ৪৭ জনৰ মৃত্যু

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৯ মাৰ্চ, শিৱসাগৰ :: দেশত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে। দেশৰ প্ৰায়বোৰ ৰাজ্যতে কৰ’না ৰোগী ধৰা পৰিছে। বৰ্তমানলৈকে পোৱা খৱৰ অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যাই ১৪১৭ পালেগৈ। ইফালে, কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি পাইছে।

গোটেই বিশ্বতে প্ৰায় ৩৯,০০০লোক এতিয়ালৈকে কৰ’না ভাইৰাছৰ ফলত মৃত্যুমুখত পৰিছে। ভাৰতৰ মহাৰাষ্ট্ৰত সৰ্বাধিক ২৪৮ জন লোক আক্ৰান্ত হৈছে। ইয়াৰ পাছতেই কেৰেলাত ২৩৪ জন লোক এই মাৰাত্মক ৰোগবিধত আক্ৰান্ত হৈছে। অন্যহাতে কৰ’না ভাইৰাছত অসমৰ কোনো লোক আক্ৰান্ত হোৱাৰ খবৰ আহি পৰা নাই।

One thought on “ভাৰতত কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ১৪০০ অতিক্ৰমঃ ৪৭ জনৰ মৃত্যু

  • March 31, 2020 at 12:13 pm
    Permalink

    Thank you

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *