কৰ’না আতংকঃ দিল্লীৰ নিজামুদ্দিনৰ প্ৰাৰ্থনাত অংশ লৈছিল অসমৰো ২১৬ জন লোকে

ডিজিটেল ডেস্ক, বিতৰ্ক, ৩১ মাৰ্চ, গুৱাহাটী :: দিল্লীৰ হজৰত নিজামুদ্দিনৰ তবলিগী জামাতৰ এক ধৰ্মীয় সমাৱেশৰ ঘটনা পোহৰলৈ অহাৰ পাছতে দেশত কৰ’নাৰ আতংক বৃদ্ধি পাইছে।
উক্ত সমাৱেশত অংশ লোৱা কেইজনমান লোকৰ শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতিৰ কথা বিভিন্ন সুত্ৰৰ পৰা জানিব পৰা গৈছে। উল্লেখ্য যে, দেশ-বিদেশৰ বহু লোকে অংশ লোৱা উক্ত ধৰ্মীয় সমাৱেশত অসমৰো দুই সতাধিক লোকে ভাগ লোৱাৰ বাতৰিয়ে ৰাজ্যখনত ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এই সমাৱেশত অংশ লোৱা অসমৰ এজন লোকো সংক্ৰমিত হোৱাৰ কথা বাতৰিত প্ৰকাশ পাইছে। লোকজন দিল্লীৰ এখন হাস্পাতলত চিকিৎসাধীন হৈ থকা বুলি কিছু বাতৰিত প্ৰকাশ পাইছে।

চলিত মাহৰ প্ৰথম ভাগতে অনুষ্ঠিত হোৱা উক্ত সমাৱেশ অসমৰ পৰা ৰেইলযোগে লোকসকল যোৱা বুলি কোৱা হৈছে।হঠাতে ঘোষণা কৰা লকডাউনৰ বাবে ঘূৰি আহিব নোৱাৰাত লোকসকল তাৰ ছয় মহলীয়া অট্টালিকাটোত থাকিবলৈ লৈছিল। ইপিনে, ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাত উদ্বেগ প্ৰকাশ কৰি ছচিয়েল মিডিয়াৰ জৰিয়তে উক্ত সমাৱেশত অংশ লোৱা লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মন্ত্রীগৰাকীয়ে টুইট কৰি লিখিছে: ”নিজামুদ্দিন দৰগাহ তথা ইয়াৰ আশে-পাশে উপস্থিত থকা ২৯৯ গৰাকী ব্যক্তিৰ তালিকা অসম চৰকাৰৰ হাতত পৰিছে৷এইসকল ব্যক্তি অসমলৈ উভতিছে নেকি সন্ধান কৰিবলৈ জিলা প্ৰশাসনক জনোৱা হৈছে৷তেনে লোকৰৰ সন্ধান ওলালে ব্যক্তিগৰাকীৰ লগতে সংস্পৰ্শলৈ অহা সকলক পৃথকে ৰখা ব্যৱস্থা কৰাৰ কঠোৰ নিৰ্দেশ দিয়া হৈছে৷”

Leave a Reply

Your email address will not be published. Required fields are marked *