কোনো ক্ষেত্ৰত লকডাউন শিথিল কৰাৰ প্ৰশ্ন নাহেঃ স্বাস্থ্যমন্ত্ৰী

ডিজিটেল ডেস্ক, বিতৰ্ক, ৩১ মাৰ্চ, গুৱাহাটী :: অহা ১৪ এপ্ৰিললৈকে লকডাউন চলি থকাৰ কথা স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে। এই লকডাউন শিথিল কৰাৰ কোনো প্ৰশ্নই উত্থাপিত হ’ব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, চৰকাৰৰ অধিসূচনা অনুসৰি কোনো খাদ্যকে আদি কৰি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা কোম্পানীয়ে তেওঁলোকৰ কোম্পানী খুলিবৰ বাবে চৰকাৰৰ ওচৰত আবেদন কৰিব পাৰিব।

উল্লেখযোগ্য যে, যদিহে কোনো কোম্পানীয়ে আবেদন কৰে তেতিয়া জিলা প্ৰশাসনে তেওঁলোকৰ দ্বাৰা সৃষ্টি হ’ব পৰা স্বাস্থ্য আৰু পৰিৱেশ মানি চলিব পৰা বিধৰ হ’লে খুলিবলৈ অনুমতি দিব পাৰে। যাৰ বাবে বুধবাৰৰ দিনটোতেই যে কোম্পনী সমূহ খোল খাব তেনে নহয়। সকলোবোৰ দিশ পৰীক্ষা কৰাৰ অন্তত যদিহে প্ৰশাসনে খোলাৰ বাবে নিৰ্দিষ্ট কোম্পানীটোক নিৰ্দেশ দিয়ে তেতিয়াহে খুলিব পাৰিব বুলি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে স্পষ্ট কৰি দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *