বিশ্বত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৭,২২,৩৮৯ঃ মৃত্যু ৩৩,৯৮২

ডিজিটেল ডেস্ক, বিতৰ্ক, ৩০ মাৰ্চ, গুৱাহাটী :: সমগ্র বিশ্বত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে দ্ৰুত হাৰত বৃদ্ধি পাব ধৰিছে। বৰ্তমানলৈকে পোৱা খবৰ অনুসৰি সমগ্ৰ বিশ্বত ৭, ২২,৩৮৯ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। অন্যহাতে কৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা লোকৰ সংখ্যা হৈছে ৩৩,৯৮২ জন। বৰ্তমানলৈকে আটাইতকৈ বেছি লোক মৃত্যু হৈছে ইটালীত। এইপৰ্যন্ত ইটালীত ১০,৭৭৯ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ বিপৰীতে আমেৰিকাত আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছে। আমেৰিকাত আক্ৰান্তৰ সংখ্যা ১,৪২,১৭৮ জন।

এতিয়ালৈকে পোৱা তথ্য অনুসৰি ভাৰতত প্ৰায় ১১৪৭ জন লোক কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ২৭ জন লোকৰ মৃত্যু হৈছে।

ভাৰতত ৰাজ্যজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

• কেৰালাতঃ ২০২
• মহাৰাষ্ট্ৰঃ ২১০
• কৰ্ণাটকঃ ৮৩
• তেলেংগানাঃ ৭০
• উত্তৰপ্ৰদেশঃ ৭২
• গুজৰাটঃ ৬৩
• ৰাজস্থানঃ ৫৯
• তামিলনাডুঃ ৫০
• দিল্লীঃ ৭২
• পঞ্জাৱঃ ৩৯
• হাৰিয়ানাঃ ৩৫
• মধ্যপ্ৰদেশঃ ৩৯
• জম্মু-কাশ্মীৰঃ ৩৮
• পশ্চিমবংগঃ ২১
• বিহাৰঃ ১৫
• অন্ধ্ৰপ্ৰদেশঃ ২১
• লাডাখঃ ১৩
• ছণ্ডীগড়ঃ ৮
• ছত্তীশগড়ঃ ৭
• উত্তৰাখণ্ডঃ ৭
• গোৱাঃ ৫
• হিমাচলপ্ৰদেশঃ ৩
• ওড়িশ্যাঃ ৩
• মণিপুৰঃ ১
• মিজোৰামঃ ১
• পুডুচেৰীঃ ১

Leave a Reply

Your email address will not be published. Required fields are marked *