মন কি বাতত প্ৰধানমন্ত্ৰীয়ে ল’কডাউনৰ বাবে দৰিদ্ৰ জনতাৰ ওচৰত বিচাৰিলে ক্ষমা

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৯ মাৰ্চ, শিৱসাগৰ :: কৰ’না ভাইৰাছৰ বাবে দেশজুৰি ল’কডাউনৰ ঘোষণা কৰাৰ পিছত আজি দিনৰ ১১ বজাত ‘মন কি বাত’ অনুষ্ঠানৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰে। কৰ’না ভাইৰাছৰ বিৰুদ্ধ চলাই থকা এই যুদ্ধ যথেষ্ঠ কঠিন বুলি উল্লেখ কৰি দেশবাসীৰ সুৰক্ষাৰ বাবে চৰকাৰে ল’কডাউনৰ দৰে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হোৱা বুলি কোৱাৰ লগতে তেওঁ দেশবাসীৰ বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ ওচৰত ক্ষমা বিচাৰে।

ইয়াৰ পূৰ্বে আজিৰ ‘মন কি বাত’ত প্ৰধান মন্ত্ৰী গৰাকীয়ে প্ৰথমে চিকিৎসক, নাৰ্ছ তথা সকলো চিকিৎসাকৰ্মীয়ে দেখুওৱা নিষ্ঠাক উচ্চ প্ৰশংসা কৰে। কৰ’না ভাইৰাছৰ বিৰুদ্ধে চলাই থকা যুদ্ধখনত চিকিৎসাকৰ্মীসকল আমাৰ বাব প্ৰথম শাৰীৰ সৈনিক বুলি উল্লেখ কৰি কৰ’না ভাইৰাছৰ এই সন্ত্ৰাসৰ সময়ত সকলোকে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *