কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৯৮৭ অতিক্ৰমঃ ২৪ জনৰ মৃত্যু

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৯ মাৰ্চ, শিৱসাগৰ :: দেশত কৰ’না ভাইৰাছত প্ৰতিদিনে নতুন নতুন ৰোগীৰ আক্ৰান্তৰ খৱৰ পোহৰলৈ আহিছে। দেশৰ প্ৰায়বোৰ ৰাজ্যতে কৰ’না ৰোগী ধৰা পৰিছে। বৰ্তমানলৈকে পোৱা খৱৰ অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যাই ৯৮৭ পালেগৈ। ইফালে, কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৪জনলৈ বৃদ্ধি পাইছে। দেশত লকডাউনৰ আজি পঞ্চমটো দিন। বিভিন্ন স্থানত বহু লোক আৱদ্ধ হৈ আছে আৰু ৰাজ্য চৰকাৰসমূহে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে।

গোটেই বিশ্বতে প্ৰায় ৩০,০০০ লোক এতিয়ালৈকে কৰ’না ভাইৰাছৰ ফলত মৃত্যুমুখত পৰিছে। ভাৰতত কেৰালা, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ পৰা নতুনকৈ মৃত্যু হোৱা লোকৰ খৱৰ আহিছে।
মহাৰাষ্ট্ৰত এতিয়ালৈকে সৰ্বাধিক ১৮৬টা কৰ’না আক্ৰান্তৰ ঘটনা সংঘটিত হৈছে। আনহাতে, কেৰালাত ১৮২টা, তেলেংগানাত ৬৭টা আৰু কৰ্ণাটকত ৭৬টা কৰ’না আক্ৰান্ত ৰোগী পোৱা গৈছে। অসমত এতিয়ালৈকে কোনো ৰোগীৰ ঘটনা পোহৰলৈ অহাৰ তথ্য পোৱা হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *