ৰাজ্য চৰকাৰলৈ ৩ কোটি টকা বৰঙণি প্ৰদানৰ ঘোষণা টেট শিক্ষক সমাজৰ
ডিজিটেল ডেস্ক, বিতৰ্ক, ২৮ মাৰ্চ, শিৱসাগৰ :: বৰ্তমান গোটেই বিশ্ববাসী কৰ’না ভাইৰাচৰ কৱলত পৰি এক গভীৰ সংকটত আছে। ভাৰতো এই সংকটৰপৰা মূক্ত নহয়। দেশৰ শাসক-বিৰোধী ৰাজনৈতিক নেতা, খেলুৱৈকে ধৰি ভিন্নজনে নিজাববীয়াকৈ কৰ’নাক প্ৰতিহত কৰিবলৈ চৰকাৰলৈ সাহায্য আগবঢ়াইছে। এনে এক জটিল সন্ধক্ষণত নিজৰ এদিনৰ দৰমহা ৰাজ্য চৰকাৰলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে। সাংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে শিক্ষক সমাজৰ সাধাৰণ সম্পাদক মিৰাজুল ৰচিদে।
এই বিষয়ে ৰাজ্যৰ শিক্ষা বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব তথা সৰ্বশিক্ষা অভিযান মিছনৰ সঞ্চালকলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি ৰচিদে জানিবলৈ দিয়ে।ৰচিদে জনোৱা অনুসৰি প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ মুঠ ৩০,০৮৫ গৰাকী শিক্ষকৰ এদিনৰ দৰমহা প্ৰায় ৩ কোটি হ’ব। সেই ধনৰাশি শিক্ষকসকলৰ বেংক একাউণ্টৰ পৰা কৰ্তন কৰিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনায় সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে।