ভাৰতত কৰ’নাৰ আক্ৰান্তৰ সংখ্যা ৯০২ জনলৈ বৃদ্ধিঃ ২০ জন লোকৰ মৃত্যু

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৮ মাৰ্চ, শিৱসাগৰ :: বিশ্বজুৰি মহামাৰীৰ সৃষ্টি কৰা নভেল কৰ’না ভাইৰাছৰ গ্ৰাসত লাহে লাহে যেন ভাৰতো সোমাই পৰিছে। শণিবাৰে পুৱালৈকে শেহতীয়া খৱৰ অনুসৰি ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৯০২ জনলৈ বৃদ্ধি পাইছে। এতিয়ালৈকে ২০ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। ভাৰতত এতিয়ালৈকে সৰ্বাধিক মহাৰাষ্ট্ৰত ৪জন লোকৰ মৃত্যু হৈছে। ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১৫৬জন। ইয়াৰ পাছতেই কৰ্ণাটকত ৩জনৰ মৃত্যু হোৱাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা হৈছে ৬৪জন।

অন্যহাতে, কেৰালাত সৰ্বাধিক ১৭৬জন আক্ৰান্ত হৈছে যদিও এতিয়ালৈকে তাত কোন লোকৰ মৃত্যু হোৱা নাই। গুজৰাটতো ৩জন লোকৰ মৃত্যু হৈছে আৰু মধ্য প্ৰদেশত ২জন লোকৰ মৃত্যু হৈছে। চুবুৰীয়া ৰাজ্য পশ্চিমবংগত ১৫জন আক্ৰান্ত হোৱাৰ বিপৰীতে এজন লোকৰ মৃত্যু হৈছে। অসমত এতিয়ালৈকে কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা কোনো ৰোগীৰ খৱৰ পোৱা হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *