ভাৰতত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৭২৪লৈ বৃদ্ধিঃ কেৰালাত সৰ্বাধিক

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৭ মাৰ্চ, শিৱসাগৰ:: ভাৰতবৰ্ষত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৭২৪লৈ বৃদ্ধি পাইছে। এই ৰোগীসকলৰ ভিতৰত আছে ৪৭ গৰাকী বিদেশী নাগৰিক। কৰ’না ভাইৰাছত আক্ৰান্ত হৈ ১৭ গৰাকী লোক মৃত্যুমুখত পৰাৰ বিপৰীতে ৬৭ গৰাকী ৰোগীক চিকিৎসাৰ অন্তত যাবলৈ দিয়া হৈছে। কেৱল বৃহস্পতিবাৰৰ দিনটোতে ৮৫ গৰাকী নতুন কৰ’না ভাইৰাছ আক্ৰান্তক চিনাক্ত কৰা হৈছে। মণিপুৰ আৰু মিজোৰামত এগৰাকীকৈ ৰোগী চিনাক্ত হোৱাৰ পিছত অসমকে ধৰি উত্তৰ-পূবত অন্য কোনো নতুন ৰোগী চিনাক্ত হোৱাৰ তথ্য পোৱা হোৱা নাই। কৰ’না ভাইৰাছত আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে কেৰালা। কেৰালাত এইপৰ্যন্ত কৰ’না ভাইৰাছ আক্ৰান্ত ১৩৭ গৰাকীলৈ বৃদ্ধি পাইছে।

কৰ্নাটকত ৫৫ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে। তেলেংগানাত ৪৫ গৰাকী ৰোগী চিনাক্ত হোৱাৰ বিপৰীতে গুজৰাটত চিনাক্ত হৈছে ৪৩ গৰাকী। ৰাজস্থান আৰু পঞ্জাৱত ক্ৰমে ৩৯ আৰু ৩৩ গৰাকী ৰোগী চিনাক্ত হৈছে। উত্তৰ প্ৰদেশত ৪০, দিল্লীত ৩৫, তামিল নাডুত ২৩ আৰু মধ্য প্ৰদেশত ২০ গৰাকী কৰ’নাভাইৰাছত আক্ৰান্ত চিনাক্ত হৈছে। হাৰিয়ানাত ১৬, অন্ধ্ৰ প্ৰদেশত ১২ আৰু জম্মু-কাশ্মীৰ আৰু লাডাখত ১৩ গৰাকীকৈ কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে। পশ্চিম বংগত ১০, চণ্ডীগড়ত ৭, বিহাৰত ৬, ছত্তিশগড়ত ৬, উত্তৰাখণ্ডত চ৪, গোৱাত ৩, ওড়িছাত ২ আৰু পুডুচেৰিত ১ গৰাকী ৰোগী চিনাক্ত হৈছে। সমগ্ৰ বিশ্বত এতিয়ালৈকে পাঁচলাখৰো অধিক লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। ২৩ হাজাৰতকৈয়ো অধিক লোকৰ এই ৰোগত বৰ্তমানলৈকে মৃত্যু ঘটিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *